Thursday, October 6, 2022

পূজাৰ কথা

নৱপএিকাৰ অৰ্থ কি জানেনে??? নবপত্রিকাৰ আক্ষৰিক অর্থ নবিধ পাত । কিন্তু এই সময়ত নবিধ বিশেষ উদ্ভিদৰ দ্বাৰা নবপত্রিকা গঠন কৰা হয় । এই নবিধ উদ্ভিদ মা দুর্গাৰ ৯ প্ৰচণ্ড শক্তিৰেই প্রতীক। এই নবিধ উদ্ভিদ হল- সৰু কল গছৰ পুলি , কছু, হৰিদ্রা (বা হালধী ), জয়ন্তী , বিল্ব ( বা বেল ),ডালিম, অশোক পাত, মান ও ধান। কল গছৰ ওপৰত প্ৰতিবিধ উদ্ভিদ একেলগ কৰি দুটা বেলৰ সৈতে বগা অপৰাজিতা লতাৰে মেৰিয়াই বান্ধি ৰঙা পাৰিৰ বগা শাড়ি পিন্ধাই মাতৃৰ আকাৰ দিয়া হয়। । পৰবৰ্তী সময়ত এই মাতৃ ৰূপৰ ওপৰত সেন্দুৰ দি দেৱী দুৰ্গা প্ৰতিমাৰ সোঁহাতে ৰখা হয়। আৰু গণেশৰো সোঁহাতে ৰখা হয়। গণেশৰ কাষতে থকাৰ বাবে বহুতেই নৱপএিকাক গণেশৰ পত্নী ৰিদ্ধি-সিদ্ধি বুলি ভুল কৰে। অজ্ঞানতাৰ হেতু বহুতেই নৱপএিকাক দেৱী দুৰ্গাৰ মাতৃ বুলিও ভুল কৰে। প্ৰকৃততে এনে নহয়। এইয়া আদি শক্তি মহামায়াৰ নটা প্ৰচণ্ড শক্তিৰ একত্ৰিত সঞ্চাৰৰ প্ৰতিবিম্ব স্বৰুপ।। এই নবিধ উদ্ভিদৰ জগৎ জননী অধিষ্টাত্রী দেৱী আদিশক্তিৰ স্বৰূপ হৈছে.... ভীম কল গছৰ অধিষ্টাত্রী দেৱী ব্রহ্মাণী। কছু গছৰ অধিষ্টাত্রী দেবী মহাকালী । হৰিদ্রা গছৰ অধিষ্টাত্রী দেবী উমা। জয়ন্তী গাছৰ অধিষ্টাত্রী দেবী কার্ত্তিকী। বিল্ব বা বেল গাছেৰ অধিষ্টাত্রী দেবী শিৱা। ডালিম গছৰ অধিষ্টাত্রী দেবী ৰক্তদন্তিকা। অশোক গছৰ অধিষ্টাত্রী দেবী শোকৰহীতা। মান গছৰ অধিষ্টাত্রী দেবী চামুণ্ডা। ধান গছৰ অধিষ্টাত্রী দেবী মহালক্ষ্মী। মহা সপ্তমীৰ দিনা প্ৰাতঃ সূৰ্যোদয়ৰ পুৰ্বতে নবপত্রিৰ মহাস্নান সমাপন হয়। এই সময়ত আয়তী মহিলাসকলে উৰুলী ধ্বনি ও শঙ্খ ধ্বনি কৰি যায়, ঢাক আদিও বজোৱা হয়। এই নৱপত্রিকা মহা স্নান গুপ্ত ৰূপত ৰখাই নিয়ম।। শাস্ত্রবিধি অনুযায়ী স্নান কৰাৰ পাছত নবপত্রিকাক নতুন শাড়ি পিন্ধোৱা হয়। তাৰ পাছত পূজামণ্ডপলৈ আনি নবপত্রিকাক দেবীৰ সোঁ দিশত আৰু আমাৰ প্ৰিয় প্ৰথম পূজ্য সিদ্ধি বিনায়ক প্ৰভুৰো কাষতে সোঁহাতে এক সৰু আসনত স্থান দিয়া হয়। ইয়াৰ পাছতেই শক্তি বীজৰ দ্বাৰা বিধিপূৰ্বক প্ৰাণ প্ৰতিষ্ঠা পুজা সমাপন হয়।। বৈদিক গণনা অনুসৰি পৰবৰ্ত্তি দিনত সপ্তমী তিথিত চন্দ্র মূলা নক্ষত্ৰৰ মধ্য ভাগত অবস্থান কৰাৰ সময়ত সুৰ্য্য উদয়ৰ পুৰ্বতেই বৈদিক সময় অনুসৰি প্ৰায় ২৮ দণ্ড সময় পাৰ হোৱাৰ পাছত দেৱীৰ নৱপত্রিকা মহাস্নান পূৰ্বক নবপত্ৰিকা প্ৰবেশ আৰম্ভ হয় আৰু সপ্তমীৰ কল্পাৰম্ভ অৰ্থাত সমাজত মঙ্গলৰ হকে সংকল্প যুক্ত পুজা উপাসনা আৰম্ভ হয়। "সপ্তম্যাং মূলযুক্তায়াং পত্রিকায়াঃ প্রবেশনম্।।" সপ্তমীৰ দিনত কল্প অৰ্থাত সঙ্কল্পৰ দ্বাৰা মহাপূজা সমাপন কৰা হয়। আশ্বিনে শুক্লপক্ষে তু সপ্তম্যাদিদিনত্রয়ে। তত্রপূজা বিশেষণ কর্তব্যা মম মানবৈ।। …….. কালিকাপুৰাণ পূজামণ্ডপত নবপত্রিকা প্রবেশেৰ পাছৰপৰাই দুর্গাপূজাৰ মূল অনুষ্ঠানটিৰ প্রথাগত আৰম্ভনি হয়। নবপত্রিকা প্রবেশেৰ পাছতেই দেবীকে মহাস্নান কৰোৱা হয়। ইয়াৰ পাছত পাছৰ দিন বোৰত নৱপত্রিকা প্রতিমাত দেৱদেৱীৰ লগতেই মহাপূজাৰ সমাপন হয়। বিশেষভাবে লক্ষণীয় হল যে নৱপত্রিকা প্রবেশৰ পূর্বে পত্রিকাৰ সম্মুখত আদি শক্তি দেৱী চামুণ্ডাৰ আবাহন ও পূজা কৰা হয়। পত্রিকাৰ ওপৰত কোনো দেৱীক পৃথকভাবে পূজা কৰা নহয়। ॐ জন্ম মৃত্যু-জৰা তপ্ত-জনবিশ্রান্তি-দায়িনৈ নমঃ ॐ দুৰ্গাদেৱৈ নমঃ ॐ জগতধাতৃৈ নমঃ ॐ সৰ্ব সিদ্ধি প্ৰদায়নৈ নমঃ ॐ কামাক্ষৈ নমঃ ॐ মহাগণেশ নিৰ্বিঘ্ন বিঘ্নয়ন্তৰ প্ৰহৰ্ষীতায়ৈ নমঃ ॐ দুষ্টদুৰায়ৈ নমঃ ॐ বলিপ্ৰীয়ায়ৈ নমঃ ॐ সুখপ্ৰদায়ৈ নমঃ ॐ অম্বীকায়ৈ নমঃ ॐ দেৱকাৰ্য সমুদ্বুতায়ৈ নমঃ ॐ যযমানস্বৰুপীনৈ নমঃ ॐ মাহালক্ষ্মীয়ৈ নমঃ ॐ সৰস্বতৈ নমঃ 🌺🌺জয় মা গৌৰী 🌺🌺🌺👏👏👏